Home Top news stories আমেৰিকাত পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা; জ্বলি ছাৰখাৰ হ’ল কেইবাটাও বৃহৎ অট্টালিকা

আমেৰিকাত পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা; জ্বলি ছাৰখাৰ হ’ল কেইবাটাও বৃহৎ অট্টালিকা

0
আমেৰিকাত পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা; জ্বলি ছাৰখাৰ হ’ল কেইবাটাও বৃহৎ অট্টালিকা

বিপদে যেন লগ নেৰা হৈছে আমেৰিকাক। আমেৰিকাৰ ফিলাডেলফিয়াত পুনৰ এক বিমান দুৰ্ঘটনা সংঘটিত হৈছে।এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দাউ দাউ কৈ জ্বলি উঠে কেইবাটাও ঘৰ। জানিব পৰা মতে এই

বিপদে যেন লগ নেৰা হৈছে আমেৰিকাক। আমেৰিকাৰ ফিলাডেলফিয়াত পুনৰ এক বিমান দুৰ্ঘটনা সংঘটিত হৈছে।এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দাউ দাউ কৈ জ্বলি উঠে কেইবাটাও ঘৰ। জানিব পৰা মতে এই বিমানখনত ছয়জন লোক আছিল।

জানিব পৰা মতে শুক্ৰবাৰে সন্ধিয়া ৰুজভেল্ট মলৰ ওচৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন আছিল লিয়াৰজেট ৫৫।

বিমানখন স্প্ৰিংফিল্ড ব্ৰেনছন ৰাষ্ট্ৰীয় বিমানবন্দৰলৈ গৈ আছিল।দুৰ্ঘটনাটো নিশ্চিত কৰি, পৰিবহন মন্ত্ৰী ছিন ডাফিয়ে কৈছিল যে এফ.এ.এ. আৰু ৰাষ্ট্ৰীয় পৰিবহন সুৰক্ষা বোৰ্ডে যুটীয়াভাৱে ঘটনাটোৰ তদন্ত কৰিব।

তথ্য অনুসৰি, বিমান দুৰ্ঘটনাৰ পিছত ধ্বংসাৱশেষৰ ফলত ঘৰ আৰু কেইবাখনো গাড়ীত জুই লাগিছিল। বিমানখনে স্থানীয় সময় অনুসৰি সন্ধিয়া ৬ বজাত উৰা মাৰিছিল আৰু উৰণৰ কেইছেকেণ্ড মান পিছত ৰাডাৰৰ পৰা অদৃশ্য হৈছিল।

দুৰ্ঘটনাটোৰ পিছত, পেনচিলভেনিয়াৰ গভৰ্ণৰ জছ শ্বাপিৰোৱে কৈছিল যে সহায়ৰ বাবে লগে লগে উদ্ধাৰকাৰী দল উপস্থিত হয়।

প্ৰায় ৬ মান বজাত কটমেন এভিনিউ আৰু ৰুজভেল্ট বুলেভাৰ্ড এলেকাত সংঘটিত দুৰ্ঘটনাৰ পিছত, কেইবাটাও ঘৰত জুই লাগিছিল।

বিমান দুৰ্ঘটনাটোক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শোক প্ৰকাশ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here