Home Top news stories মহাকাশত সুনীতা উইলিয়ামছৰ অভিলেখ…প্ৰত্যাহ্বানৰ মাজতো এই কাম কৰি ৰছিলে ইতিহাস

মহাকাশত সুনীতা উইলিয়ামছৰ অভিলেখ…প্ৰত্যাহ্বানৰ মাজতো এই কাম কৰি ৰছিলে ইতিহাস

0
মহাকাশত সুনীতা উইলিয়ামছৰ অভিলেখ…প্ৰত্যাহ্বানৰ মাজতো এই কাম কৰি ৰছিলে ইতিহাস

ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছে পুনৰবাৰ ইতিহাস সৃষ্টি কৰিছে । মহাকাশত বৰ্তমানলৈকে সৰ্বাধিক দীঘলীয়া স্পেচ ৱাক কৰাৰ অভিলেখ ভংগ কৰিছে মহাকাশচাৰীগৰাকীয়ে । নাছাৰ তথ্য অনুসৰি উইলিয়ামছে মহাকাশত ৬২ ঘন্টা

  • ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছে পুনৰবাৰ ইতিহাস সৃষ্টি কৰিছে । মহাকাশত বৰ্তমানলৈকে সৰ্বাধিক দীঘলীয়া স্পেচ ৱাক কৰাৰ অভিলেখ ভংগ কৰিছে মহাকাশচাৰীগৰাকীয়ে । নাছাৰ তথ্য অনুসৰি উইলিয়ামছে মহাকাশত ৬২ ঘন্টা ৬ মিনিট স্পেচ ৱাক কৰিছিল । ইয়াৰ ফলত যিকোনো মহিলা মহাকাশচাৰীয়ে কৰা মুঠ স্পেচ ৱাকৰ সময়ৰ ক্ষেত্ৰত তেওঁক শীৰ্ষস্থান দখল কৰিছে । ইয়াৰ পূৰ্বে এই অভিলেখ আছিল প্ৰাক্তন মহাকাশচাৰী পেগী হুইটছনৰ নামত, যিয়ে ৬০ ঘণ্টা ২১ মিনিট স্পেচ ৱাক কৰিছিল । নাছাৰ সৰ্বকালৰ তালিকাত এতিয়া উইলিয়ামছৰ নাম চতুৰ্থ স্থানত আছে ।
  • ইষ্টাৰ্ণ ষ্টেণ্ডাৰ্ড টাইম (EST) অনুসৰি পুৱা ৭:৪৩ বজাৰ পৰা আৰম্ভ হোৱা এই স্পেচ ৱাকৰ অন্ত পৰে ১:০৯ বজাত । এই অভিযান মুঠ ৫ ঘণ্টা ২৬ মিনিট ধৰি চলিছিল, যাৰ ফলত এই অভিলেখ আৰু অধিক শক্তিশালী হৈ উঠে । সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুশ্ব উইলমৰে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ (আই এছ এছ) বাহিৰলৈ গৈ বহু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিছে ।
  • ৮ দিনীয়া এই মিছন কেনেকৈ বৃদ্ধি হ’ল ?
  • দুয়োজনে ক্ষতিগ্ৰস্ত ৰেডিঅ’ যোগাযোগৰ হাৰ্ডৱেৰ আঁতৰাইছিল আৰু বৈজ্ঞানিক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় নমুনাও সংগ্ৰহ কৰিছিল । এই নমুনাসমূহ অধ্যয়ন কৰি আই এছ এছৰ বাহিৰৰ অংশত উপস্থিত অণুজীৱৰ পৰিসৰ নিৰ্ণয় কৰা হ’ব ।
  • ২০২৪ চনৰ জুন মাহত বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানযোগে উইলিয়ামছ আৰু উইলমৰে আই এছ এছত উপস্থিত হয় । তেওঁলোকৰ মিছন মাত্ৰ আঠ দিনৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল যদিও কাৰিকৰী সমস্যাৰ বাবে অধিক সময় মহাকাশত কটাবলগীয়া হৈছে । ষ্টাৰলাইনাৰে হিলিয়াম লিক আৰু থ্ৰাষ্টাৰ বিকল হোৱাৰ দৰে সমস্যাৰ সন্মুখীন হয়, যাৰ ফলত মহাকাশযানখন ঘূৰি অহাৰ বাবে অসুৰক্ষিত হৈ পৰে । এতিয়া নাছাই এই দুয়োগৰাকী মহাকাশচাৰীক স্পেচএক্সৰ মহাকাশযানৰ জৰিয়তে মাৰ্চ মাহৰ শেষৰ ফালে নিৰাপদে পৃথিৱীলৈ ঘূৰাই অনাৰ পৰিকল্পনা কৰিছে ।
  • দুৰ্যোগ সুযোগলৈ পৰিণত হ’ল-
  • কিন্তু কাৰিকৰী প্ৰত্যাহ্বানৰ মাজতো উইলিয়ামছ আৰু উইলমৰে বৈজ্ঞানিক কাম অব্যাহত ৰাখিছে । নাছা আৰু মহাকাশ বিজ্ঞানৰ জগতখনৰ বাবে এইটো এটা ডাঙৰ কৃতিত্ব, কাৰণ দীৰ্ঘম্যাদী স্পেচ ৱাকে কেৱল কাৰিকৰী সমস্যা সমাধানত সহায় কৰাই নহয়, ভৱিষ্যতৰ মহাকাশ অভিযানৰ বাবেও নতুন অন্তৰ্দৃষ্টি প্ৰদান কৰে, বিশেষকৈ চন্দ্ৰ আৰু মংগল গ্ৰহ অভিযানৰ বাবেও উপযোগী হ’ব পাৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here