Home World হিংসাত্মক পৰিস্থিতিত এতিয়ালৈকে ৩০০০ লোকৰ মৃত্যু…UNHRCৰ জৰুৰী অধিবেশন আহ্বান

হিংসাত্মক পৰিস্থিতিত এতিয়ালৈকে ৩০০০ লোকৰ মৃত্যু…UNHRCৰ জৰুৰী অধিবেশন আহ্বান

0
হিংসাত্মক পৰিস্থিতিত এতিয়ালৈকে ৩০০০ লোকৰ মৃত্যু…UNHRCৰ জৰুৰী অধিবেশন আহ্বান

পূব কংগোত তীব্ৰতৰ হৈ উঠা হিংসাৰ ফলত জানুৱাৰী মাহৰ শেষৰ পৰা প্ৰায় ৩ হাজাৰ লোকৰ মৃত্যু হৈছে আৰু প্ৰায় সম সংখ্যক লোক আহত হৈছে । ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা হিংসাৰ পৰিপ্ৰেক্ষিতত

  • পূব কংগোত তীব্ৰতৰ হৈ উঠা হিংসাৰ ফলত জানুৱাৰী মাহৰ শেষৰ পৰা প্ৰায় ৩ হাজাৰ লোকৰ মৃত্যু হৈছে আৰু প্ৰায় সম সংখ্যক লোক আহত হৈছে । ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা হিংসাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ শীৰ্ষ মানৱ অধিকাৰ সংস্থাই জৰুৰীকালীন অধিৱেশন আহ্বান কৰে ।
  • জৰুৰীকালীন অধিবেশনৰ সময়ত কংগো চৰকাৰে ৪৭খন দেশৰ সহযোগত মানৱ অধিকাৰ পৰিষদক ৰুৱাণ্ডা আৰু এছ ২৩ বিদ্ৰোহীসকলক মানৱতাৰ বিৰুদ্ধে অপৰাধৰ বাবে জবাবদিহি কৰিবলৈ আহ্বান জনায় আৰু অঞ্চলটোত মানৱ অধিকাৰ উলংঘাৰ তদন্তৰ বাবে তথ্য বিচাৰি উলিওৱা অভিযান গঢ়ি তুলিবলৈ আহ্বান জনায় ।
  • গুটেৰেছে মধ্যস্থতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে-
  • ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে বিদ্ৰোহীসকলক বন্দুক থৈ মধ্যস্থতাত সন্মতি দিবলৈ আহ্বান জনায় । মানৱ অধিকাৰ পৰিষদৰ মুৰব্বী ভলকাৰ টাৰ্কে কয় যে কংগোত হিংসাত্মক পৰিস্থিতি অব্যাহত থকাৰ বাবে পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে । তেওঁ কয় যে যদিহে সোনকালে একো কৰা নহয় তেন্তে পূব কংগোৰ বাসিন্দাসকলৰ বাবে সংকট আৰু অধিক ভয়াৱহ হ’ব পাৰে আৰু অঞ্চলটোৰ বিশাল খনিজ সম্পদক লৈ অধিক উত্তেজনাৰ সৃষ্টি হ’ব পাৰে । তুৰ্কে লগতে কয় যে কংগোৰ জনসাধাৰণে দশক দশক ধৰি অত্যাচাৰৰ সন্মুখীন হৈ আহিছে ।
  • Tags: মানৱ অধিকাৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here